অসহনশীল সমাজ আৰু আমাৰ শিক্ষা ব্যৱস্থা

অসমৰ গাঁৱৰপৰা আৰম্ভ কৰি আমেৰিকাৰ চিনেমা হললৈকে সকলোতে মানুহবোৰ ইমান অসহিষ্ণু হৈ পৰিছে কিয়? পঞ্চায়ত নিৰ্বাচনৰ আগে ভাগে অসমত আছিলো। বন্ধু এজনৰ মাকে নিৰ্বাচনত অগপ-ৰ হৈ প্ৰতিদ্বন্দিতা কৰিছে, সি এদিন আহি ক’লে – ওচৰৰ গাঁও এখনলৈ বোলে আজিকালি তাক সোমাবই নিদিয়ে। তাক নিদিয়েতো নিদিয়েই, অগপৰ কোনো সমৰ্থককে বোলে সোমাব নিদিয়ে। বাংগালোৰত অ’ফিচত একেলগে কাম কৰা অসমৰে ছোৱালী এজনী ভনীয়েকৰ সৈতে ভনীয়েকে পঢ়ি থকা কলেজৰ ওচৰতে ভাৰা ঘৰ লৈ থাকে। তাই সেইদিনা কৈ আছে – ভন্টিৰ লগৰ ল’ৰা ছোৱালী বিলাকে দেখোন একদম সৰু সৰু কথাতো অমুকক মাৰি পেলাম, তমুকক কাটি পেলাম বুলি কৈ থাকে। ছলমান ৰুশ্বডিক কলিকতালৈ বোলে সোমাবই নিদিলে। কামাল হাচানে চিনেমা এখন বনালে, তাকো বোলে মানুহক চাবলৈকে নিদিয়ে। কোনোবা ছোৱালী কেইজনীমান বাৰ এখনলৈ গৈছিল, কিবা দুৰ্গাবাহিনী এটা গৈ ওলাল আৰু ছোৱালীকেইজনীক তাতে লপা-থপা দিলে।

অগপই দহ বছৰ শাসন কৰিও অসমৰ বাবে বৰ ডাঙৰ কিবা এটা কৰিব নোৱাৰিলে, মানি ল’লো। কিন্তু মোৰ বন্ধুজনৰ মাকে অগপৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কাৰনেই তাক বা তাৰ মাকৰ যিকোনো সমৰ্থককে এখন গাঁৱলৈ সোমাবলৈ নিদিয়াটো কিহৰ পৰিচায়ক? সেই একেটা প্ৰশ্নকে আমি গহপুৰৰ কোনোবা এখন গাঁৱত কেইদিনমানৰ আগতে কংগ্ৰেছৰ সমৰ্থকক মাৰধৰ কৰি কংগ্ৰেছী সেইখন গাঁৱলৈ সোমোৱা গাঁৱৰ ৰাইজে নিষেধ কৰি দিয়াৰ ক্ষেত্ৰটো কৰিব পাৰোঁ। ছলমান ৰুশ্বডিয়ে ইছলাম ধৰ্মৰ কিবাকিবি স্পৰ্শকাতৰ বিষয়ক লৈ সাহিত্য ৰচনা কৰিছিল বুলিয়েই তেওঁৰ সাহিত্যিক অৱদানখিনিক চুৱাপাতনিলৈ দলিয়াই দি তেওঁক এখন ঠাইলৈ অহা-যোৱা কৰাত বাধা দিয়াটো যুক্তিসংগত জানো? আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল – এনেবিলাক বাধা নিষেধৰ প্ৰায়খিনিয়েই কিন্তু দেশৰ আইন ব্যৱস্থাৰ ফালৰপৰা আৰোপ কৰা নহয়। কিছুমান সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানেহে এনে কামবিলাকত প্ৰায়ে আগভাগ লোৱা দেখা যায়।

এই অসহিষ্ণু আচৰণবিলাক দেশ তথা জাতিৰ বাবে বৰ ক্ষতিকাৰক যেন বোধ হয়। আমাৰ সমাজ বিজ্ঞানী সকলে এই বিষয়ত অধ্যয়ন কৰি তাৰ প্ৰতিকাৰৰ উপায় বিলাক গণ-সংযোগৰ মাধ্যম বিলাকৰ দ্বাৰা ৰাইজৰ মাজলৈ, বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজলৈ আগবঢ়াই দিয়া অতিকৈ প্ৰয়োজন হৈ পৰিছে। এই বিষয়ে অধ্যয়নপুষ্ট লেখা অসমীয়া সমাজত বৰ কম – যি দুই এটা মাজে মাজে দেখা পাঁও, সেয়াও থাকে পি. এইচ. ডি.-ৰ গৱেষণাপত্ৰত বন্দী হৈ। সৰ্বসাধাৰনৰ মাজলৈ যে সেই বিলাক অধ্যয়ন যায়, এই বিষয়ত সন্দেহ ওপজে দেখোন।

মই এজন সাধাৰন যুৱকৰ দৃষ্টিভংগীৰ পৰা কথাবোৰ চালে কিন্তু ইয়াৰ কাৰন হিচাপে আমাৰ দেশৰ সাম্প্ৰতিক শিক্ষাৰ মানদণ্ডক জগৰীয়া হিচাপে ধৰিম। আজিৰ দিনত পৃথিৱীৰ প্ৰায়বিলাক দেশ অৰ্থনৈতিক দিশত ইখনে সিখনৰ ওপৰত নিৰ্ভৰশীল। আৰু অৰ্থনৈতিক সংযোগ বিলাক বজাই ৰাখিবলৈ আমি ব্যৱহাৰ কৰোঁ অত্যাধুনিক তথ্য প্ৰযুক্তি। স্বাভাৱিকতেই ই এক তীব্ৰ প্ৰতিদ্বন্দিতামূলক পৰিৱেশৰ জন্ম দিছে। এই পৰিৱেশত খোপনি পুতি থাকিবলৈ এখন দেশ নাইবা সমাজক দৰকাৰ হৈছে এক বুজন সংখ্যক শিক্ষিত আৰু জ্ঞান পৰিপুষ্ট মগজুৰ। এই মগজুৰ অধিকাৰী সকলে দেশ নাইবা সমাজ খনক বিভিন্ন দিশত দিক প্ৰদৰ্শন কৰিব।

মোৰ দৃষ্টিত আমাৰ দেশৰ শিক্ষা ব্যৱস্থাই কিন্তু লগা পৰিমানে এনে কিছুমান মগজু তৈয়াৰ কৰাত সফল হোৱা নাই। এফালৰ পৰা চাবলৈ গ’লে আজিৰ শিক্ষা ব্যৱস্থাই দেশৰ অৰ্থনৈতিক প্ৰয়োজন অনুসৰি কেৱল মাত্ৰ কাৰিকৰী গুণসম্পন্ন ব্যক্তি তৈয়াৰ কৰাত গুৰুত্ব দিয়াহে দেখা যায়। দেশৰ নিবনুৱা সমস্যাৰ কাৰনে ই নিতান্তই এক প্ৰয়োজনীয় পদক্ষেপ, কিন্তু দেশৰ নৈতিক উন্নতিৰ কাৰনে আৰু কিবাকিবিৰ প্ৰয়োজন আছে বুলি ভাবোঁ। আমাক এতিয়া যথেষ্ট চিন্তাবিদৰ প্ৰয়োজন হৈছে যি সমাজৰ এই অসহিষ্ণু পৰিৱেশত নিজৰ জ্ঞান আৰু তাত্বিক বিশ্লেষণেৰে সৰ্বসাধাৰন ৰাইজক শুদ্ধ পথ দেখুৱাব পাৰে। আমাৰ শিক্ষা ব্যৱস্থাত আজিচোন এনে এটা মগজু তৈয়াৰ কৰাত গুৰুত্ব দিয়া দেখা নাযায়।

চৰকাৰে কাৰিকৰী শিক্ষাৰ দৰেই সামাজিক আৰু গৱেষণামূলক শিক্ষাতো সমানেই ধন আৰু সম্পদ বিনিয়োগ কৰাৰ সময় এয়া। চীন দেশে এটা সময়ত আমাতকৈ বেছি কানি খাইছিলে বোলে, কিন্তু এতিয়া এনে দিশ বিলাকত চীন দেখোন ক’ৰবাত পালেগৈ। আমি বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত কৰা কম্পিউটিঙৰ নতুন প্ৰকল্প বিলাকত সহায় ল’বলৈ গৱেষণা পত্ৰ বিছাৰিলে চীন, কোৰিয়া, ন’ৰৱে আদি দেশৰ ল’ৰা ছোৱালীয়ে কৰা গৱেষণা পত্ৰ বিলাকহে সৰহ সংখ্যাত পাইছিলো। আৰু এইবিলাক দেশতে দেখোন প্ৰযুক্তিগত ভাৱেও উল্লেখযোগ্য কামবিলাক বেছিকৈ হয়। এইখিনি দেশতে অৰ্থনৈতিক আৰু সামাজিক বিশৃংখলতাও বহু পৰিমানে কম। মানে হয়তো এইটোৱেই যে কাৰিকৰী শিক্ষাৰ সমানেই আমি সামাজিক আৰু গৱেষণামূলক গুণগত শিক্ষাত গুৰুত্ব নিদিয়ালৈকে এই বিশৃংখলতাৰপৰা মুক্ত হোৱাটো ইমান সহজ নহয় চাগৈ।

দেশ তথা ৰাজ্যৰ প্ৰাসংগিক ঘটনাৱলী চাই এই কথাবিলাক ভাবি আছিলো। ৰাইজৰ মাজলৈ উলিয়াই দিছো, ভাল আলোচনা এটা হ’লে ভাল হয়।

Advertisements

পত্ৰবন্ধু

পত্ৰবন্ধু বুলিলেই পূৰণা কথা এটা মনত পৰে। গুৱাহাটীৰ হোষ্টেলত মোৰ সৈতে একেটা কোঠাতে আছিল বকোৰ হিতেশ দা – প্ৰত্যেক মাহৰ এক তাৰিখে বিস্ময় খন কিনি আনি চিধাই দাদাই পত্ৰবন্ধু শিতানতো মেলি লয়।  তাক এজনী “মনে-মিলা” পত্ৰবান্ধৱী লাগে। প্ৰত্যেক মাহতে সি বিচাৰেহে বিচাৰে, এজনীও ভাল নালাগে তাৰ। “মনে-মিলা” নহয় বোলে… আমাৰ কাৰনে মাহৰ এক-দুই তাৰিখে হিতেশ দা-ৰ এই পত্ৰবান্ধৱী বিচৰা কামটো এটা Practical Joke  হৈ পৰিছিল…

এদিন মই এনেয়ে এটা নাম দেখুৱাই দি ক’লো – হিতেশ দা, এইজনী মনে মিলিব নে? সি অলপ পৰ মই দেখুৱাই দিয়া নামটো চালে, তাৰ পিছত তাৰ কি হ’ল জানো, কৈ দিলে নহয় বাপ্পেকে – “অ’, হৈ যাব। নামটো কি – নীলাক্ষি; ভাল লাগিছে দে। লিখ, চিঠি এখন লিখ। ধুনীয়াকৈ লিখিবি।” মই বোলো – ধেত্‍ তেৰিকি; তাক এনেয়ে অলপ জোকাম বুলি ভাবিছিলো, এনেয়ে ফছি মৰিলো।

উপাই নাই, গোটেই হোষ্টেল ফাটি গ’ল কথাটো – হিতেশে পাই গ’ল পত্ৰবান্ধৱী। মই তেতিয়া কলেজ মেগাজিন-অত কিবা কিবি লিখি অলপ সুখ্যাতি আৰ্জি থৈছিলো, গতিকে মোৰ আগত সামূহীয়া দাবী যে মই চিঠী লিখিবই লাগিব। লিখিলো আৰু চিঠী এখন ধুনীয়াকৈ, মই নিজে হিতেশ হৈ। পাছদিনা মেঘদূত ভৱনলৈ গৈ চিঠী ডাকত দি আহিলেগৈ হিতেশ কাইটিয়ে। গ’ল কথা গুছিল..

এসপ্তাহ মানৰ পিছত আহি গ’ল নহয় উত্তৰ – একদম বাৰে বাৰে পঢ়ি থাকিবলৈ মন যোৱা ধৰনৰ চিঠী এখন। আকৌ গোটেই সোপা ল’ৰাৰ উত্‍পাত – উত্তৰ লিখ। লিখিলো আকৌ এখন। তাৰপিছত ইখন সিখন কৈ বহু কেইখন চিঠী লিখিলো – হিতেশ-অৰ হৈ…

এদিন এখন চিঠী আহিল, আমুক তাৰিখে মই গুৱাহাটীলৈ যাম, আমুক জেগাত থাকিম – পত্ৰবন্ধুত্ব সামৰি মুখামুখি কৈ চিনাকী হ’ব আহিবা। খাৰাংখাচ কথা। চিঠীখন যেন মই ইমান দিনে কথা হৈ থকা নীলাক্ষিয়ে নাই লিখা – মোৰ তেনে লাগিল। এতিয়া লাগিল কেনাটো – হিতেশ দাৰ মতে মই যিহেতু তাইক আজিলৈকে উত্তৰ দি আহিছো, মই আটাইতকৈ ভালকৈ কথা পাতিব পাৰিম নীলাক্ষিৰ লগত আৰু সেয়ে মই যাব লাগে তাইক লগ ধৰিবলৈ। মই বোলো – পাগল নেকি, ছোৱালী এজনী আহিব গোলাঘাটৰ পৰা, হিতেশ নামৰ তাই আজিলৈকে নেদেখা তাইৰ বন্ধুজনক লগ কৰিবলৈ। ইমান ডাঙৰ অভিনয় মই কৰিব নোৱাৰিম ভাই..

বহুত বুজালো হিতেশ দাক – শেষত যেনে তেনে মান্তি হ’ল সি। নীলাক্ষিয়ে কোৱা মতেই হিতেশ গৈ ওলালগৈ – চিনাকি হ’ল, কথা পাতিলে দুয়োটাই, ফুৰিলে ক’ৰবাত-ক’ৰবাত, শেষত বহুত সাহস কৰি – “নীলাক্ষি, তোমালৈ চিঠী বিলাক লিখোতে মোক মোৰ ভাইটী এটাই বহুত সহায় কৰি দিছিল জানা.. কথাতো জানি তুমি কি বুলি ভাবা জানো…”

– “হেইত.. সেইতোনো কি কথা? মোকো মোৰ বা-য়ে সহায় কৰে কেতিয়াবা কেতিয়াবা… একো ডাঙৰ কথা নহয়..”   🙂    🙂

এতিয়াও হিতেশ দা আৰু নীলাক্ষি ভাল বন্ধু….

মোৰ ভাগৰ লাগিছে।

মই কাম কৰা অ’ফিচটোত চিকিউৰিটী গাৰ্ডকেইজনৰ সৰহ সংখ্যকেই অসমীয়া ল’ৰা। সদায় অ’ফিচত গৈ পাইয়েই গে’টতে সিহঁত কেইজনৰ লগত দুআষাৰ কথা পাতি ভিতৰলৈ যাওঁ। ধেমেলীয়া ল’ৰা গোটেইকেইজন, ভাল লাগে সদায় ৰাতিপুৱা অসমীয়াতে ধেমালি অলপ কৰি। আজি গৈছোঁ, মাত্ৰ এজন অসমীয়া ল’ৰা আছে গেটত, প্ৰায়ে চাৰি-পাঁচজন ল’ৰা থাকে। মই বোলো, – “দাদা, বাকীকেইজন ক’লৈ গ’ল?”

ল’ৰাজনে ক’লে – “দাদা, আপুনি গম নাইপোৱা নেকি? অসমীয়াক ইয়াৰপৰা যাবলৈ দিছে নহয় ২০ তাৰিখৰ আগতে। কিবা ফাটোৱা নে কিবা এটা দিছে বোলে। আপুনি নাযায় নেকি ঘৰলৈ? আমাৰ লগৰ গোটেই কেইজন গ’লগৈ কালি, জেনেৰল টিকেট কৰি… ময়ো আজি ৰাতিয়েই যাওঁগৈ নেকি।”

মই ঘুনুক ঘানাককৈ এই ধৰনৰ কথা এটা শুনি আছিলো যোৱা কালি গ’ধূলিৰেপৰা, কিন্তু এনেধৰনৰ কামবিলাক প্ৰায়ে কিছুমান থাৰ্ড ক্লাছ, অশিক্ষিত আৰু চোৰ জাতীয় ধৰ্মীয় নেতাই কৰে বাবে বিশেষ গুৰুত্ব দিয়া নাছিলো। দাদাজনৰ কথাখিনিয়ে মোক ৰাষ্ট্ৰীয় বাতৰি কাগজ কেইখন চাবলৈ বাধ্য কৰিলে। বিশেষ একো তেনেধৰনৰ ঘোষণাৰ বাতৰি নাপালো। আবেলি ঘৰলৈ অহাৰ আগতে দাদাজনক লগ কৰি কৈ আহিছোঁ, “ইমান চিন্তা নকৰিব, মই দেখোন তেনে একো খবৰ নাপালো। কালিলৈ লগ পাম দিয়ক…”

ৰুম আহি পাইছো, ঘৰৰপৰা ফোন, ঠিকে আছনে? মই বোলো, কি হ’ল? দেউতাই ক’লে টিভিৰ বাতৰিত দেখুৱাই আছে, অন্ধ্ৰত কোনোবা মুছলমান ধৰ্মগুৰু কেইজনমানে উত্তৰ পূবৰ মানুহ বিলাকৰ ওপৰত কিবা ফটোৱা জাৰী কৰিছে, ২০ তাৰিখৰ আগতে অন্ধ্ৰ এৰি যাবৰ বাবে। মই বোলো ক’ত, কোনটো চেনেলত? অসমীয়া নিউজ চেনেল এটাত বোলে।

অকনমান দেৰি পিছত পেহাই ফোন কৰিলে, একেটা কথাৰ বাবে। মই মাত্ৰ ক’লো, ইমান চিন্তা নকৰিব।

কিন্তু সঁচাকৈ, কি হৈ আছে এইবোৰ? চিন্তা নকৰাকে থাকিব লগীয়া কথানে এইবোৰ? টিভি চেনেলকেইটা চাই আছো, সকলোতে আজি স্বাধীনতা দিৱস কেনেকৈ উদ্‌যাপন কৰা হ’ল তাৰ বাতৰি। প্ৰায়বিলাক নেতাৰে ভাষণত অসমৰ শেহতীয়া ঘটনাৱলীৰ বেলেগ বেলেগ উপস্থাপন শুনিবলৈ পালো। সকলোৱে নিজৰ নিজৰ সুবিধা হোৱাকৈ কথাবিলাক কৈছে।

মই সাধাৰনতে উত্তেজক জাতীয় বাতৰি বিলাক শুনিলে লগে লগে একো সিদ্ধান্ত নলওঁ আৰু মন্তব্য নকৰোঁ, নিজৰ সীমিত জ্ঞানেৰে ঢ়ুকি নোপোৱা কথাবিলাক পঢ়ি চাওঁ, বুজিবলৈ চেষ্টা কৰোঁ। তাৰপিছত এটা সিদ্ধান্ত লোৱাৰ চেষ্টা কৰোঁ। কিন্তু মই আজিকালি অনুভৱ কৰা হৈছো, এনেকৈ একো লাভ নাই। হৈ হাল্লাবিলাকত নিজকে বিলীন কৰি সস্তীয়া হৈ পৰাই ভাল। অসমত কিবা কাজিয়া হৈ আছে, কাজিয়াত বোলে মুছলমান মানুহ মাৰিছে, মই কিয় ৰৈ থাকিম? মই পাৰিলে অসমীয়া হিন্দু কেইটা মান মাৰিমেই। কোনোবাই হঠাতে ক’লে, বাংলাদেশী বেছি হৈছে অসমত, মাৰিব লাগে ইহঁতক। মই মাৰিম। এনেকৈ জীয়াই থকাই ভাল নেকি?

কথাবিলাক নাভাবোঁ বুলিয়েই ঠিক কৰোঁ। কিন্তু নোৱাৰি নভবাকৈ থাকিব। হিংসাই হিংসা বিয়পাই গৈ আছে, আৰু মানুহ বিলাকে একো নভবাকৈ নিজকে ধৌত উটাই দি আছে। যেন এক এনাৰ্কী.. একো সৃষ্টিশীল কথা মূৰলৈ নহা হৈছে। পঢ়িবলৈ আছে বহুত, কিবা কিবি কৰিব লগীয়া আছে ধেৰ, কিন্তু মানসিক শক্তি নোহোৱা হৈ গৈছে। কিয় কষ্ট কৰিব লাগেনো? দালালি কৰিলেই হ’ল দেখোন।

বন্ধু এজনে এক ভিতৰুৱা এলেকাত বেংকত চাকৰি কৰে। নগাঁৱৰ পৰা অহা যোৱা কৰে সদায়। এজনে বন্ধুৰ বেংকৰ পৰা ২০১০ চনতে লোৱা লোন এটা ঘুৰাব পৰা নাই, বেংকৰ মেনেজাৰক আৰু এটা লোনৰ কাৰনে পেৰি আছে। এদিন মেনেজাৰে অলপ টানকৈ ক’লে, বোলো আপুনি আগৰটো ঘুৰাওক, মই পিছদিনাই আপোনাক এইটো লোন দি দিম। পিছদিনা কথা নাই বতৰা নাই প্ৰায় এহেজাৰ মানুহ আহি বেংক ঘেৰাও, মেনেজাৰে বোলে লোন দিবলৈ ঘোচ লয়। হাতে হাতে দা এইজাক মানুহৰ। নিউজ চেনেলৰ লাইভ সম্প্ৰচাৰন।

বন্ধুৱে পুলিচক ফোন কৰিলে, পুলিচ আহিলে আৰু বেংকৰ কৰ্মচাৰী সকলক এচক’ৰ্ট দি লৈ আহিলে তাৰপৰা। নগাওঁ আহি পালে, ভূতৰ ওপৰত দানহ পৰাদি পুলিচ কেইজনৰ ডিমাণ্ড, আমাক দিয়ক দহ হেজাৰ। এনেই আপোনালোকক সেইখনৰপৰা উলিয়াই আনিছো বুলি ভাবিছে নেকি? মেনেজাৰ উপায়হীন, দি দিলে শেষত।

বন্ধুৱে মোক অত্যন্ত হতাশাৰে ফোন কৰিছিল সেইদিনা গধূলি – “জানা বন্ধু, ইণ্ডিয়া ইজ গ’য়িং টু বি এ’ ফেইলড্‌ ষ্টেট। আমি গনতন্ত্ৰৰ যোগ্য নহয়।”

চাৰিওফালে হৈ থকা ঘটনা বিলাক দেখি বন্ধুৰ কথাষাৰ সঁচা বুলি বিশ্বাস হৈ গৈছে। নোৱাৰিছো আৰু, একো পাত্তা নোপোৱা হৈছো – কি সঁচা আৰু কি মিছা! কি কৰোঁ? নিজৰ দেশতে যদি ভয়ত জীয়াই থাকিব লগীয়া হয়, নিজে বাছি দিয়া শাসন যন্ত্ৰটোৱেই যদি নিজৰ বিৰুদ্ধে কাম কৰা যেন অনুভৱ হয়, আধুনিক বিশ্বৰ নাগৰিক এজনৰ বাবে ইয়াতকৈ আৰু হতাশাজনক কথা কি হ’ব পাৰে? মোৰ ভাগৰ লাগিছে…

Tagged , , , , ,